পৃষ্ঠা:সম্ভৱতঃ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

একলম—

এক অচিন বিষাদবোধৰ হাতত ধৰি ডাঙৰ হৈছিলো। একধৰণৰ
নিঃসংগতাত সময়ে সময়ে ভাৰাক্ৰান্ত হৈছিলো।
শব্দ মোৰ সুহৃদ আছিল।
শব্দ জোৰা লগাই অৰ্থবহ কিবা এটা সৃষ্টি কৰাটে৷ খেলা হৈ
পৰিছিল। আত্মসন্তুষ্টি পাইছিলো।

নিভৃতত আজন্ম আলোড়ন আৰু নৈঃশব্দ্যৰ সহবাস আছিল।
ইয়াৰ পৰা সৃষ্ট সশব্দ আবেগখিনিক নিয়াৰিকৈ সজোৱাৰ
প্ৰয়াসেই মোৰ গল্প।

নিজৰ সৃষ্টিৰ প্ৰতি মোৰ মোহ আছে। অথচ হীনমন্যতাও কম
নহয় ৷ তথাপি কাকত-আলোচনীত বিভিন্ন সময়ত প্ৰকাশ পোৱা
গল্পখিনি থূপ খুৱাই উলিওৱাৰ সাহস কৰিছো— ‘সম্ভৱতঃ’।

কোনো সহৃদয় পাঠকক মুহূৰ্তৰ বাবেও যদি মোৰ গল্পই আকৃষ্ট
কৰিব পাৰে মই সুখী হ'ম।

গীতালি বৰা

 

যোগাযোগৰ ঠিকনা— দৈনিক বাতৰি, বি কে টাৱাৰ, গণেশগুৰি, গুৱাহাটী-৭৮১০০৬
     ফোন নম্বৰঃ ৯৮৬৪১-৭৭৫০৮