এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সমাজ-কথা
গোসাঁইৰ অপমান।
সেই দিন আহাৰৰ ২৫ তাৰিখ ; জ্যোতিষীয়া পণ্ডিতসকলে কয় হেনো সেই বছৰৰ সেই মাহটো ‘‘মলমাস” অর্থাৎ আহাৰ নহৈ হেনো চান্দ্র মতে জেঠহে হব লাগে। যি দিনৰ কথা কৈছোঁ, সেই দিনা অমাৱস্যা ; দিনৰ দিনটো আকাশ মেঘে ঢাকি আছিল। পাঠক পাঠিকা সকল মােৰ কথা আজি উকা ; কিয়নাে যি কথা লিখিবলৈ ওলাইছোঁ, শুনিবলৈ ভাল হ'বৰ নিমিত্তে তাত অলঙ্কাৰ আদি লগাম দূৰত থাওক, আচল কথা খিনিকে উলিয়াবলৈ চাওঁতে চকুৰ পানীত কাগজ কেবা খনো বদলি নকৰি নােৱাৰাত পৰিছোঁ ; আপনালােকক কাবৌ কৰিছোঁ উক। কথা বুলি ইয়াক ঘিণ নকৰিব। সেই দিনা সাজ বেলিকা দুটোপা এটোপা বৰষুণো পৰিছিল, ৰাতি বৰষুণ নাই কিন্তু নীলা আকাশ সিদিনা ক’লা ; তেওঁৰ গাত লােৱা নীলা খনীয়াখনৰ হীৰা ফুলবোৰো সিদিনা সৰি পৰিছিল।