পৃষ্ঠা:সমাজ-কথা.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


মেলত মেলেকী; শৰাধৰ আগত পুৰোহিত, ছোৱলী স্কুলত শিক্ষয়িত্ৰী অভাবে শিক্ষক আৰু গাৱঁৰ ডাক ঘৰৰ এওঁ ডাকবাবু। হীৰাই চাকি এগচ আনি চিঠিখন পঢ়িব ধৰিলে:—

কলিকতা,
৪-৩-১৮

“মৰমৰ হীৰা!

 তোমালোকক অশেষ কষ্ট দি অহাৰেপৰা কোনো খবৰ বাতৰি পোৱা নাই। তোমালোকে কিহবাত 'মোক বেয়া পাইছা বোধকৰোঁ, নহলে ইমানবোৰ চিঠি পাইও উত্তৰ নিদিয়াকৈ কিয় থাকিবা! তোমালোকে, বিশেষকৈ তুমি যি স্বৰ্গীয় মৰম দেখুৱাইছা, তাৰ প্ৰতিদান ইহ জনমত মই দিব নোৱাৰোঁ—সকলো দোষ এৰিবা।

অধ্যাপকসকলৰ ব্যৱস্থামতে পিতাদেৱে মোক গ্ৰহণ কৰিব নোৱাৰাৰ কথা বোধ হয়, আগৰ কোনোবা এখন চিঠিত লিখিছিলোঁ। এতিয়া খবৰ পালোঁ হেনো পিতাদেৱক সমাজে আলাগ কৰি থৈছে। আমাৰ পৰীক্ষা কালি শেষ হল; অসমীয়াৰ ভিতৰত এইবাৰ অকল ময়েহে এম,এ,পৰীক্ষাৰ্থী! ঈশ্বৰে ভালে ৰাখিলে কাইলৈ ঘৰলৈ যাম; তাত দুই চাৰি দিন থাকি তোমালোক চাবলৈ যাম বুলিছোঁ। মোৰ সেৱা শ্ৰীযুক্তা আয়েৰাক জানিব দিবা আৰু তুমি মোৰ আশীৰ্ব্বাদ লবা।”

তোমাৰ
শ্ৰীমুক্তানন্দ

৭৪