পৃষ্ঠা:সমাজ-কথা.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


আষাৰকৈ ডেকাৰ আৰু হীৰাহঁতৰ কাণত পৰিবলৈ ধৰিলে। দিন পলম হোৱাৰ লগে লগে গৃহস্থৰ বিষবাণ ক্ৰমে চৰা দেখি হীৰাৰ মাকে মাষ্টৰণীৰা পৰামৰ্শ লৈ ডেকাক তেঁওৰ ঘৰলৈ নিলে। ডেকা তাত প্ৰায় এমাহ মান থকাৰ পাছতহে উঠি লৰি ফুৰিব পাৰা হল। পাছত এদিন ডেকাই গাৱঁৰ সকলোৰে ওচৰত ক্ষমা খুজি ঘৰলৈ গল।

 লাহে লাহে শৰৎ গৈ হেমন্ত আৰু হেমন্ত গৈ শীত ঋতু পৰিল। লগে লগে উত্তেজনাত উৎপন্ন হোৱা গাৱঁৰ ক্ষন্তেকীয়া সাম্য-মৈত্ৰি ভাবো আঁতৰিল—গাঁও দুই দলত পৰিণত হল। এদল মাষ্টৰণীক ভাল পোৱা আৰু আন দল মাষ্টৰণীৰ নামত মাটিত পাঁচ কিল মাৰা। সেই সময়তে স্কুল চোৱা মেম অহাত বিপক্ষদলে মেমক এখন ডালি দি মাষ্টৰণীৰ কিছুমান নহক কথা লগালে। মাষ্টৰণী বদলি হল আৰু কিছু দিনলৈ সেই ঠাই পূৰালে হৰি বাপুৱে। মাষ্টৰণীৰ যোৱাৰ দিন চেৰেক পাছতেই হৰি বাপুৰ বাক্যবাণত হীৰায়ো স্কুল এৰিলে।

 গ্ৰীষ্মৰ আৰম্ভতে কেই জাক মান বৰষুণ হল। তাৰ পাছতেই গাৱঁত কলেৰাই ভুমুকি মাৰিলে। গাৱঁত হাহাকাৰ লাগিল। হীৰাই মাষ্টৰণীৰপৰা কিছুমান হোমিওপেথিক চিকিৎসাৰ ব্যৱস্থা শিকি লৈছিল। মাষ্টৰণী যোৱাৰ সময়ত কেইবিধমান আৱশ্যকীয় ঔষধো হীৰাক দি গৈছিল। তেঁও তাকে লৈ চিকিৎসা আৰম্ভ কৰিলে --

হীৰাৰ দিনে ৰাতিয়ে ঐকান্তিক যত্নত ১৫ দিন মানতে গাঁৱত আকৌ

৭২