আহিছে, পানীৰে পেট ওফন্দি গঙাটোপ যেন হৈছে। ডেকাৰ মাত
নাপাই হীৰাৰ ভৰিৰপৰা মুৰলৈ গা জম্জমাই গল। বতাহৰ কোবত
নাও অলপ দূৰ গৈ পাৰত লাগিল। তাকে দেখি কিছুমান মানুহ দৌৰি
গৈ নাৱঁৰ কাষত থিয় দিলে; আৰু তাত অলপ গুণা গঠা কৰিয়েই
ডেকাক দাঙি আনি এঘৰ মানুহৰ বাটঘৰাত সোমাল। তাৰ পাছত
নানাজনে নানা ক্ৰিয়া কৰাত দুঘণ্টা মানৰ মূৰত ডেকাৰ মাত ওলাল—
হীৰাৰ মুখত পানী আহিল, উপস্থিত লোক সকলৰ মুখ পোহৰ হল।
ডেকাক তাৰপৰা নি বাজে ঘৰ এটাৰ এখন বিছনাত শুৱাই থলে।
হীৰা ঘৰলৈ আহিল, কিন্তু অলপ দূৰৰপৰা তেওঁ তেওঁলোকৰ ঘৰৰ যি দৃশ্য দেখিলে, নিমিষতে তেওঁৰ মনৰ তৃপ্তি আঁতৰিল, আৰু সেই মুহূৰ্ত্ততে তেওঁৰ হিয়া লাজে-দুখে আৰু ভবিষ্যৎ কষ্ট চিন্তাই জুৰি পৰিল। তেওঁ অলপ সময় কিং কৰ্ত্তব্য বিমুঢ় হৈ থতমত খোৱাত মাকে মাত লগালে “তই বাজত থাকি ভালেই কৰিছিলি আই, ভিতৰত থাকা বুলিহে মোৰ চুলিৰ আগে জীউ গৈছিল।”
হী—মাই! মই যে তোমালৈ পাহৰিছিলোৱেই।
হী. মা.—মোক পাহৰ, তই ভালে থাকিলেই হয়। চাউল দুকুলিহে এনেই গল।
হী—বতাহে পেলালে বোধ কৰোঁ।
হী.মা.—যেতিয়া বতাহ মেলে, মই মাজ পথাৰত। বতাহৰ গতি দেখি মোৰ বোধ হল ঘৰ পৰিল; তেতিয়া চাউল দুকুলি তাতে থেকেচা