পৃষ্ঠা:সমাজ-কথা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সমাজ-কথা৷

গোসাঁইৰ অপমান৷

 সেই দিনা আহাৰৰ ২৫ তাৰিখ; জ্যোতিষীয়া পণ্ডিতসকলে কয় হেনো সেই বছৰৰ সেই মাহটো “মলমাস” অৰ্থাৎ আহাৰ নহৈ হেনো চান্দ্ৰ মতে জেঠহে হব লাগে। যি দিনৰ কথা কৈছোঁ, সেই দিনা অমাৱস্যা; দিনৰ দিনটো আকাশ মেঘে ঢাকি আছিল। পাঠক পাঠিকা সকল মোৰ কথা আজি উকা; কিয়নো যি কথা লিখিবলৈ ওলাইছোঁ, শুনিবলৈ ভাল হবৰ নিমিত্তে তাত অলঙ্কাৰ আদি লগাম দূৰত থাওক, আচল কথা খিনিকে উলিয়াবলৈ চাওঁতে চকুৰ পানীত কাগজ কেবা খনো বদলি নকৰি নোৱাৰাত পৰিছোঁ; আপনালোকক কাবৌ কৰিছোঁ উকা কথা বুলি ইয়াক ঘিণ নকৰিব। সেই দিনা সাজ বেলিকা এটোপা এটোপা বৰষুণো পৰিছিল; ৰাতি বৰষুণ নাই কিন্তু নীল আকাশ সিদিনা ক’লা; তেওঁৰ গাত লোৱা নীলা খনীয়াখনৰ হীৰা ফুলবোৰো সিদিনা সৰি পৰিছিল।