পৃষ্ঠা:সমাজ-কথা.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


পু:—আমি সামান্য মানব হে। বাৰু আমাৰ কথা এৰি দিয়া, তোমাত যি সুধিলোঁ তাৰ উত্তৰ দিয়া মাথোঁন।

গো:—কি উত্তৰ দিম দেৱ, মনোমত পত্নীশোক দূৰ কৰা সংসাৰীৰ পক্ষে বৰ গুৰুতৰ।

পু:—বাৰু তিৰোতা বুলিছা কাক, বা মোৰ জন বুলিছা কাক, সেইটো ভাবি চাইছা নে? কিছুমান ৰস, তেজ, মঙহ, শীৰ, হাড়, নাড়ী আদিৰে গঠিত হোৱা মূৰ্ত্তিটোকে তোমাৰ প্ৰিয়তম বস্তু বুলি ধৰা উচিত হৈছে নে? ৰূপত মোহ গৈ, স্পৰ্শ সুখত শৰীৰ ৰোমাঞ্চিত কৰি কাৰ সৈতে সন্মিলনৰ বাঞ্চা কৰিব লাগে? ফুল ফুলে আৰু সৰে,— তাৰ সৌন্দৰ্য্য স্থায়ী নহয়। মাছ মাংস চুলে হাত ধোৱে, মল মূত্ৰক সততে সকলোৱে ঘিণ কৰে, এনে স্থলত সেই মল-মূত্ৰৰ আকৰলৈ মানুহৰ আগ্ৰহ দেখিলে হাঁহি নুঠেনে? তুমি ভাবিব পাৰা তোমাৰ স্ত্ৰী সংসাৰ ক্ষেত্ৰত তোমাৰ বৰ সাৰথি আছিল কিন্তু তুমি ইচ্ছা কৰিলে তেনে সাৰথি বহুত গঢ়ি লব পাৰিবা।

গো:—আপুনি সৰ্ব্বজ্ঞ—তথাপি কওঁ—মোৰ দাৰিদ্ৰাৱস্থাত মোৰ পত্নীয়েই আশ্ৰয়স্থল আছিল; নিৰাশ্ৰয়ত তেওঁৰ আশ্বাস বাণীয়ে মোহিনী আশাক মাতি আনিছিল, সংসাৰ ধুমুহাত পৰি ক্লান্তি বোধ কৰিলে, তেৱেই শান্তি শীতল বিছ দিছিল; তেনে সাৰথি কেতিয়া

তেনেকে গঢ়িম দেব।”

৫৮