গোলাপীয়ে এই কথা ভাবি তেতিয়াই গাৱঁৰ মানুহৰ ঘৰে ঘৰে সোমাই
আগন্তুক বিপদৰ কথা জনালে; আৰু মানুহবিলাকক লগতে উলিয়াই নি
নিজে বান্ধৰ ওচৰত উপস্থিত হল গৈ। তেওঁবিলাকে দেখে যে, সঁচাকৈয়ে
বান্ধ ভাঙো ভাঙো হৈছিল আৰু অলপ পলম হলেই তাক ৰাখিব
পাৰা নহলহেতেন। সকলোবিলাকে ততাতৈয়াকৈ মথাউৰী মেৰামতিত
লাগিল, গোলাপীয়ে বৰ ডাঙৰ এটা জোৰ লৈ বান্ধৰ ওপৰত থিয় দি
পোহৰ দেখুৱাবলৈ ধৰিলে। অদৃষ্টৰ লিখন কোনে খন্দাব—বান্ধ মেৰামত
শেষ হওঁতেই ডাকাল সাপ এটাই গোলাপীক খুটিলে—গোলাপী সেই
পিনেই ঢলি পৰিল। গোলাপীৰ অৱস্থা দেখি সকলোৱে হাহাকাৰ
কৰি কান্দিবলৈ ধৰিলে; দুজনমান ওজা বিচাৰি কান্দি কান্দি
দৌৰিল, দুজনমানে ফেঁকুৰি ফেঁকুৰি ডোলা আনিলে গৈ। পাছত
সকলোবিলাকে য’ৰে যি বস্তু ত’তে এৰি গোলাপীক লৈ কান্দি কান্দি
গোপালৰ ওচৰ পালে।
গোলাপীক সাপে খোৱা সংবাদ অলপ সময়ৰ ভিতৰতে চাৰিওফালে ৰাষ্ট্ৰ হল। গোপাল-গোলাপী সকলোৰে প্ৰাণৰ পুতলি—আগত দেখিলে গুৰুজনৰ দৰে ভক্তিভাৱে চায়, নাম শুনিলে মনেৰে সেৱা জনায়। গোলাপীক সাপে খোৱ সংবাদ শুনি চাৰিওফালৰ গাৱঁৰ মানুহ আহি গোপালৰ ঘৰ-চোতাল নধৰা হল—ওজা বহুত আহিল। ধনী ধনী মানুহ বিলাকে কবলৈ ধৰিলে—“যেয়ে আইক জীয়াব, তাক মই একশ টকা
দিম।” কোনো কোনো দুখীয়া মানুহে কবলৈ ধৰিলে “আইক জীওৱা