আজি মাধব বৰুৱাৰ মনত বৰ অশান্তি—তেওঁ অলপ কথাতে মৰমৰ লগুৱাটিক চৰ এটা মাৰি খেদি দিলে; আঞ্জা ভাল নহল বুলি ঘৈনীৰ ওপৰত খং কৰি ভাত আধা খোৱা কৰি কাছাৰিলৈ গুচি গল। আৰু সেই দিনা তেওঁৰ এজলাচত পৰা সকলো মোকৰ্দ্দমাৰে বিপৰীত ৰায় দিলে। দুইজন মান উকীলে তাত হক-বাধা কৰাত “অনধিকাৰ চৰ্চ্চা” বুলি তাৰপৰা যাবলৈ আদেশ কৰিলে৷
আজি হাকিম কাছাৰিৰপৰা ঘৰলৈ নগৈ পোনে পোনে উকীলৰ ঘৰ পালে। অসময়ত হাকিমৰ আগমন দেখি উকীল উদ্বিগ্ন হৈ বাজলৈ আহি তেওঁক অভ্যৰ্থনা কৰিলে। হাকিম বহিয়েই কালে—শুনিলোঁ আপোনাৰ ভাগিনেকে গাৱঁতগৈ ঘৰ সাজিবৰ কাৰবাৰ কৰিছে! মই নো তেন্তে তেওঁত কন্যা কেনেকে দিও! মোৰ ছোৱালী নগৰত উপজিছে, নগৰত ডাঙৰ হৈছে, তাতগৈ—সেই গাৱঁলীয়া ভূতৰ সমাজত গৈ কেনেকে থাকিব? আপুনি তেওঁলৈ চিঠি লিখক তেওঁ তাত ঘৰ সাজিব নালাগে। আপুনি জানেই তেওঁৰ বাবেই মই পানবজাৰত ঘৰটো সজাইছোঁ—এতিয়াৰপৰাই তেওঁ তাত থাকিব পাৰে দেখোঁ। আৱশ্যক বোধ কৰিলে তাকো আপুনি চিঠিত লিখিব।
“হয়, ময়ো আজি কাছাৰিত গাঁৱৰ এজন মানুহৰপৰা শুনিলোঁ-
মই আপোনাক সুধি আজি লিখিম হে বুলিছিলোঁ। কলিকতাৰপৰা