পৃষ্ঠা:সমাজ-কথা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 

মা—তই কৈছ কি! গোলাপ,বৰুৱাৰ ঘৰৰ নহৈ ফুকনৰ ঘৰৰ হলেও যেতিয়ালৈ নিজ কুল-গৌৰৱ নাপাহৰোঁ, নিজ জাতিৰ নাম নুভুলোঁ শৰীৰত এটোপা তেজ থাকে মানে তেতিয়ালৈ মই এনে কথা শুনি ধৈৰ্য্য ধৰি থাকিব নোৱাৰোঁ। হে হৰি! মোক এনে কথা শুনিব দিয়াৰ আগতে মাৰি নেনিনা কিয়! হায় মোৰ জাতীয় সন্তানসকল, কোন কত আছা আহা, তোমালোকৰ বিধবা ভনীক এই বিপদ-সাগৰৰ পৰা উদ্ধাৰ কৰাহি। পদুম, পদুম, আহ, ফুকনৰ ঘৰলৈ যাওঁ।

প—মাই ধৈৰ্য্য ধৰা, অধীৰ নহবা। তুমি মোক ইমান ভাল পাইছিলা, আজি নো কথা ষাৰো নুশুনানে? মই এটা ভাল বুধি সাজিছোঁ। শুনা যদি কওঁ।

মাক— (নিমাত।)

প—মই ভাবিছোঁ সি ফুকনৰ বিষয়া, ফুকনৰ আগত গোচৰ দিলে কি জানি আন বিষয়াৰ সহানুভূতিত কেনেবাকৈ সাৰেই—আৰু তেতিয়া হলে সি আমাৰ অহিত কৰিবলৈ সদায় চল চাই থাকিব। আৰু এটা কথা,—পুৰাণ আদিত পোৱা যায় ডেকা কালত কোনো কোনোটিয়েহে নিজ স্ৱভাৱ ঠিককৈ ৰাখিব পাৰে। সি মনৰ গতি সম্ভালিব নোৱাৰি মোক তেনে কথা কলেই বা তাৰপৰা মোৰ হওঁতে বিশেষ একো হানি হোৱা নাই। যদি আমি ফুকনৰ ওচৰত গোচৰ দিওঁ—ফুকনে ন্যায় বিচাৰ কৰিলে সি নিশ্চয় কঠোৰ শাস্তি ভুগিব লাগিব, তাৰ জীবিকাৰ পথ বন্ধ হব। সামান্য

২৯