পদুম—আহা, ঘৰলৈ আহা ঘৰত কম।
মাক-জীয়েক দুয়ো আহি ঘৰ পালে আৰু জুই-ছাই ধৰি দুয়ো বহিল।
মাক—পদুম, তই কি কওঁ বুলিছিলি ক এতিয়া!
প—মাই, মইনো কি কম? কওঁ বুলিছিলো হয় কিন্তু এতিয়া দেখো কব নোৱাৰোঁ।
মা—মোৰ আগত তই লুকাব লাগে নে? তই নো আৰু কাৰ আগত কবি! সকলোৰে দেখো মূৰ খাইছা। ক কি কথা! একো লাজ নাই।
প—লাজ কৰিলে তো নহয়েই; কিন্তু—
মা—কিন্তু কি! কৈ পেলা।
প—তুমি বোধ কৰোঁ গোলাপক চিনি পোৱা?
মা—( সন্দেহ মনে) এৰা, চিনি পাওঁ; সি ফুকনৰ ঘৰত কাকতীৰ কাম কৰে।
প—সেই গোলাপেই আজি কেবা দিনৰেপৰা বাটেৰে যাওঁতে-আহোঁতে মোৰ ফালে চাই যায়; মোৰো কেতিয়াবা কেতিয়াবা তাৰ চকুৱে চকুৱে পৰে। আজি দেখো গধূলি তুমি যোৱাৰ অলপ পাছতে সি আমাৰ বাট চৰাৰ ভিতৰ সোমাল আৰু “এইপিনে মাত দিয়া, এই পিনে মাত দিয়া কৰি আতাহ পাৰিব ধৰিলে। তাৰ অতাহ শুনি মই ভিতৰৰ পৰা গৈ “কিয় মাতিলে” বুলি সোধোঁতে দেখো সি এটা
মিচিকীয়া হাঁহি মাৰি কলে—“এয়া, তোমাৰ লগত অলপ হওঁ