এতিয়া মই গাৱলীয়া শিক্ষক; মই পাছ কৰি যোৱা স্কুলতে প্ৰধান
শিক্ষকৰ কাম কৰোঁ। কামত সোমোৱাৰ আজি দুমাহ হল। এদিন
ৰাতি মাই কলে “বাপা, তই নাউপিতিহঁতক আনগৈ, তাৰ ভাতচেনি
(অন্নপ্ৰাসন) খেনিও কৰিব লাগে; মই অলপ বস্তু থুপুৰি কৰিছোঁ;.
দিন বাৰো চাই থৈছোঁ, তই এই শনিবাৰে গৈ ৰৰিবাৰে লৈ আহ’’।
মোৰ যাবৰ ইচ্ছা নাছিল, কিন্তু মাতৃৰ আদেশ, তাতে আকৌ আজি
কিছুমান দিনৰ পৰা তেওঁৰ শৰীৰ অসুখ, গতিকে শনিবাৰে ডাঙৰীয়াৰ
ওচৰলৈ গৈ প্ৰস্তাব কৰিলোঁ;—ডাঙৰীয়া অসন্মত হল, তেওঁ কলে—
তেওঁৰ জীয়েকৰ পুতেক নাতিয়েকৰ অন্নপ্ৰাসন তাতেই কৰাব, মইহে
মাইৰে সৈতে তালৈ যাব লাগে। মোৰ বৰ খং উঠিল, কিন্তু তেওঁ কন্যাদাতা
আৰু অন্নদাতা, মুখ চম্ভালিলোঁ আৰু নিৰাশ মনে পাছদিনা গুচি
আহিলোঁ। মই অকলে অহা দেখি মাই সকলো বুজিলে।
মাইৰ বৰ টান নৰিয়া। তেওঁ মাজে মাজে বকে “নাউপিতি--নাউপিতি’’ এদিন অলপ সংজ্ঞা লাভ কৰিলে; মোক ওচৰলৈ মাতি নি কলেঃ—“মই নাউপিতিৰ মুখখন দেখিলে সুখেৰে মৰিব পাৰোঁ।” ওচৰত যি ওচৰ চুবুৰীয়া আছিল সকলোৱে কলে—“যোৱা, তুমি এতিয়াই দোলা দুলীয়া লৈ যোৱা, সিহঁতক আনাগৈ। আমি আছোঁ, তোমাৰ মায়ে আৰু ২৷১ দিন থাকিব।” যাওঁ -নাযাওঁ কৰি দোলা-দুলীয়ালৈ শেষ বাৰ শহুৰৰ ঘৰলৈ ওলালোঁ। শহুৰ অফিচৰপৰা আহি পোৱা সময়তেই নগৰ পালোঁ,
মোক দেখি ডাঙৰীয়াই মাত লগালে,“আজি অসময়ত দেখো বাপা!’’