দুৱাৰে দুৱাৰে এই অমৃতৰো মধুৰ সুৰৰ ধাৰা আঁজলি ভৰি বিলাই ফুৰিবি :—
“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে, কানাই, নিয়াঁ পাৰে কৰি,
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”
তোৰ আজি কি ভাগ্য! এই বিহুৰ দিনা তোৰ দুৱাৰলৈ কৰ্ম্মই আনি দিছে আনন্দৰ কণিকা, প্ৰকৃতিৰ প্ৰভাৱে আনি দিছে আনন্দৰ কণিকা!গৌৰৱ কৰ, আনন্দ কৰ। এই আনন্দৰ কণিকাই এক আনন্দ সাগৰৰ বাতৰি তোৰ প্ৰাণৰ মাজলৈ যে বলাই আনিছে। প্ৰেমময়ৰ আকুলতাই তোৰ আনন্দৰ কণিকাত, তোৰ পঁজাৰ দুৱাৰত আজি প্ৰেমেৰে পৰশ দিছে। কি পবিত্ৰ এই প্ৰেমৰ পৰশ! আনন্দ কণিকা উতলি উঠিছে!—তাৰ সুৰে সুৰে দুই হাত তুলি প্ৰেমময়ৰ পৰম ধামলৈ লৰি যা,—লৰি যা তই উধাতুৰে। ভয় নাই, তই যে অমৃতৰ সন্তান! লৰি যা তোৰ আপোন ঘৰলৈ,—য’ত ভেদ নাই, অন্ধকাৰ নাই, বিষাদ নাই, মৃত্যু নাই,—এক প্ৰেমৰ অপাৰ সাগৰ,—সাগৰ ভৰা মধু, সাগৰ ভৰা অমৃত!— কোনে ক’ত মন মাৰি আছ? কোন ক’ত সোমাই আছ?