পৃষ্ঠা:সন্তসাৰ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| বন্ধুৰ প্ৰতি গােহাৰি। প্রিয় শ্ৰীযুত লক্ষ্মীনাথ শৰ্ম্ম, সভাপণ্ডিৎ | ফুলপানীচিগা-জাজি। ডাঙ্গৰীয়া! মই আজি বহুত দিন অর্থৰ অভাবত এই সামান্য সন্তসাৰ নামক পুথিখনি প্ৰকাশ কৰিব নাৱাৰি আবদ্ধ কৰি ৰাখিথােৱা হৈছিল। কিন্তু আজি আপাে- নাৰ অনুগ্ৰহৰ বলত এই সাৰুৱা সন্তাৰ পুথিখানি প্ৰকাশ কৰি মনৰ হেপাহ আৰু যত্নটী সফল হ’ল বুলি মানিলাে। | আপুনি মােক এই কৃতকাৰ্যত সহায্য দিয়াৰ বাবে আপােনাৰ গুণনাগাৰ থাকিব নােৱাৰিলে। আশাকৰে যেন চিৰ দিন শপৰিবাৰে সৈতে কুশলে ৰাখক। আৰু এনে শুভ কাৰ্যলৈ উৎসাহ হওক। মােৰ আপােনাৰ প্ৰতি ঈশ্বৰৰ ওচৰত এই প্রার্থনা মাগিলো। ইতি- জয়পুৰ, আসাম।): আপােনা, ১লা নবেম্বৰ, ১৯১৪। শ্রীপূৰ্ণানন্দ গগৈ।