পৃষ্ঠা:সন্তসাৰ.djvu/৪৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
সন্তসাৰ

সামান্য সকলে,  পাছে হুইব আত,
 কোনে কৰিবে লেখন॥১৮১॥
পাছে এক দিন,  পৰম মহন্ত,
  নাৰদ চলি গৈলন্ত।
নাৰদক দেখি,  ব্যাস মহা ঋষি,
 সাদৰিয়া বন্দিলন্ত॥১৮২
পাছে হেন দেখি,  ব্ৰহ্মাৰ নন্দন,
 তাহাক বুলিবে লৈলা।
বেদ শাস্ত্ৰমত,  জানাহা সমস্ত,
 তাতো হেন দুঃখ ভৈলা॥১৮৩
সমস্ত লোকক,  বিনাশ কৰিলা,
 দুখিত ফল লোভাই।
যেন কোন জনে,  বিত পাই বুলি,
 গাঁটত খায়ে গেয়াই॥১৮৪॥
তুমি সেহি মতে,  লোকক নাশিবা,
 আপোন বুদ্ধি বলে।
ধৰ্ম্ম অৰ্থ কাম,  মুখ্য পাৰো বুলি,
 নাশিল তুমি সকলে॥১৮৫॥
হেন জানি ব্যাস,  আনকৰ্ম্ম এৰি,
 মোহোৰ বচন কৰা।
মহা জ্ঞান ভক্তি  গুৰু সেৱা ধৰ্ম্ম,
 ইহাক তুমি আছৰা॥১৮৬