পৃষ্ঠা:সন্তসাৰ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
সন্তসাৰ।

ব্ৰহ্মাৰ পঞ্চাশ যেবে বৎসৰ গৈলেক।
তেৰে নাৰায়ণে আহি কৃপা কৰিলেক॥৮৫॥
অনন্ত শৰ্য্যাত থাকি শ্ৰীনাৰায়ণ।
ভাগৱত ধৰ্ম্ম কহিলন্ত সেহি স্থান॥
ব্ৰহ্মা নাৰদত কৈলা নাৰদে ব্যাসত।
নাৰদী সম্প্ৰদা এহি কহি চোহো তত্ত্ব॥৮৬॥
ব্ৰহ্মাত কহন্তে-তাত-অনন্তে শুনিলা।
অনন্ত চাৰি সিদ্ধে হংসায়নে পাইলা॥
এহি তিনি সম্প্ৰদা ভক্তিৰ মূল সাৰ।
দুই শুনা কৰি শিৱ সম্প্ৰদা সিছাৰ॥৮৭॥
আমিয়ো কৰিবো শিৱ সম্প্ৰদা ভকতি।
শ্ৰবণ কীৰ্ত্তন গুৰু সেৱা উক্ত প্ৰতি॥
পৰম কেবল ভক্তি আত পৰে নাই।
বাৰানসী প্ৰয়াগ তব বহুতৰ পাই॥৮৮॥
এতেকে মাধব ময় কহিলো তোত।
তুমিহে ভক্তৰ গুৰু জানিবা সাখ্যাত॥
তোমাহতে শন্ত ভজিবেক বহু লোক।
কেৱল নায়ক মাত্ৰ দান কৰিবেক।৷৮৯৷।
জানি নামে লৈলে জানা ভক্ততে আশ্ৰয়।
ভকতে কেৱল নাম জানা মাত্ৰ সাঞ্চয়॥
এহি মতে শঙ্কৰে কৰিছা মাধৱত।
সৰ্ব্ব ভাবে ভকতি কৰিবা মাধৱত॥৯০॥