পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬২
সটীক নামঘোষা

নাম লওঁতাৰ ( ভক্তৰ) অধীন কৰে, অৰ্থাৎ ভগৱানৰ নাম-গুণ একান্ত- মনে কীৰ্ত্তন কৰিলে, সেই ভক্তজন ভগৱানৰ অতি প্ৰিয়পাত্ৰ হয়; গতিকে ভগৱানে ভক্তৰ ইচ্ছাধীন হবলৈ বাধ্য হয়। এই কাৰণে ৰাম নামেই সকলো শাস্ত্ৰৰ সাৰতত্ত্ব; অৰ্থাৎ সকলো শাস্ত্ৰে নাম- ধৰ্ম্মকেই সাৰ বুলি স্থিৰ কৰিছে।

[ ৩৫৫ ]

চৈতন্য ঈশ্বৰ আদিত্য যাহাৰ
 হিয়াত ভৈলা প্ৰকাশ।
কালমেঘ প্ৰায় অবিদ্যা আন্ধাৰ
 তাহাৰ হোৱে বিনাশ॥

 চৈতন্য ঈশ্বৰৰূপে আদিত্য যাৰ অন্তৰত প্ৰকাশ হয়, তাৰ অন্তৰৰ কলা মেঘৰদৰে অবিদ্যাৰূপ আন্ধাৰ নাশ হয় অৰ্থাৎ সূৰ্য্য উদয় হলে যিদৰে কলা মেঘৰদৰে আন্ধাৰ গুচে, সেইদৰে যি চৈতন্যময় ঈশ্বৰক হিয়াত উপলব্ধি কৰে, তেওঁৰ অন্তৰৰপৰা অজ্ঞান আঁতৰ হয়।

[ ৩৫৬ ]

ভালুক বান্দৰ ৰাক্ষস তৰিল
 ৰামক কৰিয়া সেৱ।
হেনয় পৰম কৃপালু দেৱতা
 ৰাম বিনে নাহি কেৱ॥