পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৯
সটীক নামঘোষা

কেৱল কৃষ্ণৰ কীৰ্ত্তনে কৰয়
 সমস্তকে নৰোত্তম॥

 কৃষ্ণৰ নাম-গুণ কীৰ্ত্তনত ধৰ্ম্মৰ পাত্ৰ-অপাত্ৰ (ই কৰিব পাৰে; সি অমুক জাতিৰ, কৰিব নোৱাৰে ইত্যাদি) ভেদ নাই, আৰু একো বন্ধা ধৰা নিয়মে নাই; অৰ্থাৎ সন্ধ্যা সময়ত কীৰ্ত্তন কৰিব পায়, দুপৰীয়া বা আবেলি কৰিব নাপায়, এইদৰে বহিব লাগে, আঠু কাঢ়িলে নহয় ইত্যাদি নিয়ম নাই; সেই কাৰণে এই ধৰ্ম্ম অতি উত্তম। কৃষ্ণৰ এই গুণ-কীৰ্ত্তন কৰাৰপৰাই সকলোৰে পৱিত্ৰ হৈ উৎকৃষ্ট লোক হব পাৰে।

[ ৩৫০ ]

অন্যত্ৰ সাধনে কোন বিচক্ষণ
 জনক মোক্ষ দিৱয়।
কৃষ্ণৰ জন্মৰ কৰ্ম্মৰ কীৰ্ত্তনে
 মুকুতিকো বিড়ম্বয়॥

অন্যত্ৰ সাধনে— ধৰ্ম্মৰ অন্য পন্থ ধৰি; অন্য দেৱ-দেৱীক উপাসনা কৰি। বিচক্ষণ জন— বুধিয়ক, পণ্ডিত, চতুৰ।

 মুক্তিৰ অধিকাৰী কেবল ভগৱান। জ্ঞান-বুদ্ধি থকা শাস্ত্ৰজ্ঞ পণ্ডিতসকলে অন্য দেৱ-দেৱীক উপাসনা কৰিলে সেই দেৱ-দেৱীসকলে তেওঁ মুক্তি দিব নোৱাৰে। কৃষ্ণৰ লীলা চৰিত্ৰ গাওঁতাজনে অৰ্থাৎ যি একান্তমনে হৰিৰ নাম-গুণ শ্ৰৱণ কীৰ্ত্তন কৰে, তেওঁ ভগৱানৰ ভক্তি ৰসত ইমান মোহ যায় যে মুক্তিৰ নিচিনা কাম্য বস্তুকো তেওঁ ফিৰি নাচায়, মুক্তি এনেই পাচতে লাগি আহে।