পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সঙ্গীত-কোষ।

কোটা চন্দ্ৰ তৰা, হোৱে যাৰ পৰা,
 যাৰ নামে বয় প্ৰেমৰ নিজৰা;
যি জনৰ নামে,  নাশে মৃত্যু জৰা,
 ই হেন প্ৰভুৰ অমৃত নাম।
    লক্ষেশ্বৰ শৰ্ম্মা, বি, এ।

৩১

ইমন বিভাস --আড়খেমটা।

দিয়া দেবি পোহৰ সুন্দৰ।
আহাঁ কমলিনী আহাঁ বীণাপাণি,
বোৱাঁ মধুৰ বীণা মনোহৰ।
লোৱাঁ ভক্তি লোটক ধাৰ,
হৃদয় আসন চৰণ সেৱন
প্ৰীতি ফুল উপহাৰ;
কৰা কৃপা বিতৰণ কৃপাময়ী
দিয়া দিয়া হিয়া পোহৰাই
আহাঁ বাগ্বাদিনী তমোহাৰিণী
হৰাঁ হৰাঁ তম তনয়ৰ॥
    চন্দ্ৰধৰ বৰুৱা।