পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
ধৰ্ম্ম-সঙ্গীত।

১৬

বেহাগ- আড়াঠেকা।

 হৃদি মন্দিৰত পাই এনে সাধনৰ সন
 বিষয় হাবিত তাক নকৰিবা অযতন।
মুনীন্দ্ৰ যোগীন্দ্ৰ সৱে,  যাক যোগ ধ্যানে ভাবে,
 দেৱতা সকলো নিতে যাৰ ভাবতে মগন।
যি বুকুত পালে,  ৰাজ ভোগো তুচ্ছ বোলে,
 সাধু সন্ন্যাসী সকলে পূজে যাৰ শ্ৰীচৰণ;
পাপ হৃদয়ৰ জুই, যাৰ নামে নুমুৱাই,
 সদাই ৰাখিব তাক, কৰি অতি সযতন॥
    দুৰ্গাপ্ৰসাদ দত্ত।

১৭

ভৈৰবী—কাওৱালী।

 দেখাদিয়াঁ আহি হে জীৱনৰ জীৱন
 মিছাতে নিয়ালোঁ মই অমূল্য জীৱন।
চাই তযু প্ৰেম-সুখ  দুৰ কৰাঁ সব দুখ
 দয়াকৰি এটিবাৰ দিয়া দশন।