পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
ধৰ্ম্ম-সঙ্গীত।

১২

আলেয়া --ঝাঁপতাল।

তৰিলোঁ বেটীয়ে প্ৰভু, ভযু দয়া পাই।
 তোমাৰ দয়াৰ হৰি আদি অন্ত নাই।
তোমাৰ পদতে মতি,  থাকে যেন দিনে ৰাতি
 তোমাৰে চৰণ ভাবি দিন যেন যাই;
তোমাৰে প্ৰেমতে পৰি,  তোমাৰে চৰণে ধৰি
 থাকো যেন মহাৰঙ্গে ভক্তি মধু খাই॥
    দুৰ্গাপ্ৰসাদ দত্ত।

১৩

সাহানা-ঝাঁপতাল।

কিহেৰে পূজিম প্ৰভু! সকলো তোমাৰ,
তোমাৰ গুণকে কৰে জগতে প্ৰচাৰ।
অনাদি অনন্ত তুমি, মহিমা অপাৰ
নিচেই নিচলা আমি কি আছে আমাৰ?
নিজৰ শৰীৰ তাতো নাই অধিকাৰ,
তোমাকে তোমাৰ বস্তু দিওঁ উপহাৰ।
    দুৰ্গাপ্ৰসাদ দত্ত।