পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ধৰ্ম্ম-সঙ্গীত।

বেহাগ খাম্বাজ-একতালা।

মনৰ বিকাৰে, চিন্তাৰ সাগৰে
 আকুল হৈলোঁহে হৰি
দিয়াহে সুমতি গুচোক দুর্গতি
 জীৱন্ততে আছোঁ মৰি ॥
হৰা যত দুঃখ, দিয়া শান্তি সুখ
 সুখে দুখে যেন প্রফুল্লিত মূখ।
তযু কৃপাগুণে,  সংসাৰ অৰণ্যে
 সুপথ দিয়া বিচাৰি ॥
    লক্ষ্মীনাথ বৰা।

১০

বাগেশ্রী—আড়াঠেকা।

দিবা দৰশন প্রভু দিবা দৰশন,
চাওঁ যদি মেলি মই হৃদয় দাপােন।
পাৰাহীন কাচ প্রায়, অকামিল হিয়া-হাৰ,
তাতে ভৰি পাপ-ছাই আছে অগণন