পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ধৰ্ম্ম-সঙ্গীত।

সোঁৱৰাঁ নিজৰ দেশ, ভজা মন পৰমেশ
সত্য জ্ঞান পূৰ্ণব্ৰহ্ম জগত আদি কাৰণ॥
    অজ্ঞাত।

ইমনকল্যান--তেওৰা।

(প্ৰভু) কৰিছোঁ কাকূতি দিয়া শুভ মতি
 দয়াৰ সাগৰ হৰি,
সকলে অসাৰ, একমাত্ৰ সাৰ
 দিয়াহে চৰণ-তৰী।
মনে বল দিয়া কুপথ এৰিয়া
 সজ পথে যাতে চলোঁ
 তোমাৰ বচন পালোঁ
(আজি) তযু পদে সেবোঁ হৰি।
    গিৰীশচন্দ্ৰ বৰদলৈ৷