পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
জাতীয় সঙ্গীত।

২২
খাম্বাজ-চৌতাল।

উদিছে সুদিন  কিনো শুভচিন
 চোৱাঁ চোৱাঁ আজি জুৰুৱাঁ নয়ন।
নতুন সুৰেৰে নতুন তালেৰে
 উলাহেৰে বাজে হৃদয়ৰ বীণ।
স্বৰগৰ পৰা ঢালিছে সুতান
 শান্তি সুখ-ময় সুমঙ্গল গান
নতুন পোহৰ ঢালে বিভাকৰ
 নৱ সাজ ধৰি শোভিছে গগন।
ফুলনিয়ে আজি  কিনো উলাহেৰে
 নৱ সাজ পিন্ধে নতুন ফুলেৰে
নৱ মলয়াই ৰঙ্গেৰে বিলায়
 নতুন ফুলৰ ঘ্ৰাণ বিতোপন।
নতুন ৰঙ্গেৰে নতুন লাহেৰে
 শোভিছে জগত নতুন সাজেৰে
সুমঙ্গলময় দিন সুখময়
 চোৱাঁ চোৱাঁ আজি জুৰুৱাঁ নয়ন॥
    চন্দ্ৰধৰ বৰুৱা।