পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতীয় সঙ্গীত।

  কৰিছোঁ কাকুতি ভক্তি ভাৱে,
 কৰা অনাথিনী অসম মাতৃক দয়া ॥
    বেণুধৰ ৰাজখােৱা, বি, এ।



তুৰু সুৰ-একতালা।

(অসম মাতৃ) এনুৱা বিলাই  দেখিছা বােপাই
  কিয়নাে নকৰা কাণ।
(অসম পুত্র) চেনেহৰ আই,  নাই এটি পাই
  নাই ভৰালত ধান ॥
(অঃ মাঃ) নেথাকিবা বহি,  যােৱা দিহা দিহি,
  পাবা বহু ধন সোন।
 কথা কৰি কাতি, ধৰা যদি খেতি,
  পাবা ধান দোনে দোন ॥
(অঃ পুঃ) বিদ্যা বুদ্ধি নাই, (মাঃ) নেভাবাঁ সােনাই
  ওলাব বুদ্ধি আপুনি।
 একতা আশ্রয় কৰিলে কি ভয়,
  একতা বুদ্ধিৰ খনি॥