পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৮
সঙ্গীত-কোষ।

২৩
ৰাগ-ভাটিয়ালী।

অগো মাই তোহাৰ তনয় যদুমনি।
বকাসুৰ বধি হৰি পৰম আনন্দ কৰি
 আইসে শুনা বংশীৰ ধ্বনি।
ভয়ঙ্কৰ বকগোট বজ্ৰৰ সমান ঠোট
 চুম্পি ৰহি আছে সাবধানে।
বায়ুবেগে আসি ধায় গিলিল কৃষ্ণক পাই
 দেখি আমি মৰিলোঁ পৰাণে।
তালুত লাগিল হৰি  পেলালে বাহিৰ কৰি
 সকল বালকে আছোঁ চাই।
পুনু আসে গিলিবাক ঠোটত ধৰিয়া তাক
 চিড়িয়া মাৰিলা যদুৰাই।
খানিকো নভৈল ঘাৱ, কৃষ্ণৰ নিৰুজ গাৱ
 দেখিয়া কৌতুক পাইলা বৰে।
ধেনু বৎস আগ কৰি  আনন্দে আসন্ত হৰি
 আমি সৱে আসিলোঁ লৱৰে।