পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১১
বিবিধ সঙ্গীত৷

১৫১
অহং—একতালা।

উৰুৱা উৰুৱা  আনন্দ নিচান
 গোৱা সকলোৱে আনন্দ গীত।
মিলিল বম্বাই,  মাদ্ৰাজ, বেঙ্গল,
 যাৰ মিলনত পৃথিবী ভীত।
কিয় আমি ৰওঁ  নুধাওঁ লগত
 কিয় নধৰিম উন্নতি পথ;
সকলোৰে মিলি  একতাৰ ধ্বনি
 উঠে যেন আজি দূৰ আকাশত।
প্ৰথমতে পৰে  সূৰ্য্যৰ কিৰণ
 তোমাৰ দেহৰ পৰ্ব্বত জুৰি;
বসন্ত কালৰ  নতুন পখীও
  আহে গীত গাই তোমাতে উৰি।
ব্ৰহ্মপুত্ৰে যাৰ  কোমল পৰাণ
 কৰিব লাগিছে সততে জুৰ;
প্ৰকৃতি দেবীৰ  নিজানৰ ঠাই
 মাতৃভূমি বুলি নমোৱা মুৰ।