পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৯
বিবিধ সঙ্গীত

১৪৯
কীৰ্ত্তন মিশ্ৰ–চিমাতেতালা।

আজি বজোৱা আজি বজোৱা
 মোহন বাঁহিটি আজি বজোৱা।
অস্ত যায় দিনমণি নীল আকাশত,
সুখ সপোনত, মোৰ হৃদয়ত
 বজোৱা মোহন বাহীঁ বজোৱা।
বাজিছে আজি  মোহন মুৰুলী
 বাজিছে নতুন তান;
নব উলাহত নব জীৱনত
 ভাহিছে নতুন প্ৰাণ :–
নতুন সুখৰ কোমল মাতৰ
 মোহন বাঁহীটি আজি বজোৱা॥
    দুৰ্গেশ্বৰ শৰ্ম্মা; বি, এল।