পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
সঙ্গীত-কোষ।

১৪৬
ইমনকল্যাণ-তেওট।

বিপদ বাৰণ তুমি নাৰায়ণ
 পাপ-তাপ-ভয় হাৰী হে।
পৰিছোঁ বিপদে  ৰাখাঁ হে শ্ৰীপদে
 তোমাৰ অনাথ সন্তান হে।
মোহৰ পাকত  ঘুৰিছো সতত
 নেজানি একোকে কাৰণ হে,
যত মোহ মায়া  আঁতৰাই দিয়া
 তুমি দেৱ মোহ-নাশন হে;
কৰিছোঁ কাকূতি দিয়া শুভ মতি
 গুছোৱা সংসাৰ বন্ধন হে;
কৰুণা প্ৰকাশি ভৱ ভয় নাশি
 দিয়া তযু প্ৰেম চৰণ হে॥
    বেনুধৰ দাস।