পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
সঙ্গীত-কোষ।

ভৈৰবী—খেমটা।

কি মোহিনী বাণে সখা  হিয়া মন নিলা হৰি,
 দিয়া দেখা প্ৰাণসখা মাতিছোঁ কাকূতি কৰি।
জোনৰ ছবিটি দেখি  তোমাৰ মূৰুতি লেখি,
 নিৰজনে আপোন মনে চাই থাকোঁ প্ৰাণ ভৰি।
জিলিকে তৰাৰ দল দেখি হওঁ উত্ৰাৱল,
 গোপনে হিয়াৰ কোণত জলে সেই চকুজুৰি।
অকণি বিজুলী ৰেখা  আকাশত পালে দেখা,
 প্ৰেমধাৰে হিয়া ভৰে সেই হাঁহিটি মনত পৰি।
যেতেকে পাহৰোঁ বোলোঁ,  তেতেকে নিজকে ভুলোঁ,
 নেপাওঁ উমান একো মৰোঁ কিয় দেহা পুৰি॥
    বেণুধৰ দাস।