পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৩
বিবিধ সঙ্গীত।

চোৱাঁ চোৱাঁ হেৰা  যত সুসন্তান
 জনম ভূমিৰ দুখৰ কাৰণ;
তেজাল খোজেৰে উলাহ মনেৰে
 কৰা সকলোৱে বিপদ দমন॥
    যতীন্দ্ৰনাথ দুৱৰা।


১৩২
বাগেশ্ৰী—আড়াঠেকা।

আনন্দ উৎসৱে আজি উলাহত দিয়া মন,
এৰা শোক এৰা লোৱা সবে নব প্ৰাণ।
অনন্ত উন্নতি জানি আমি কুমলীয়া প্ৰাণী
মৰমে “আনন্দৰাম” গাঁও মিলি সৰ্ব্বজন।
ঘনে ঘনে নৱৰৱে, উলাহত ছাত্ৰ সৱে
সুৱঁৰি “আনন্দৰাম” পুলকিত কৰে প্ৰাণ॥
    দ্বাৰিকানাথ দাস।