পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
সঙ্গীত-কোষ।

পাই মৰ্ম্মভেদী যৌবনৰ হুমুনীয়া,
 তেতিয়াহে সুৱলা শবদ,
সেই হুমুনীয়া শুনি মৰমে যেতিয়া,
অকপট মৰমৰ ওভটনি দিয়া,
 সকলোকে লগাই তবধ।
   ৰামেশ্বৰ বৰুৱা, বি, এ৷


১১৪

 ঝিঁঝিট—একতালা।
কিয় লোভে পড়ি সকলো পাহৰি
 জীৱই বিপদ সামৰি লয়।
নহয় মনত  কাল সাগৰত
 কি শান্তিৰে জীৱ হৈছে ক্ষয়॥
মায়া মোহে পৰি আছে জীৱে ভুলি
 বাসনা-বলিয়া নেভাবে সমুলি
দুদিনীয়া দেহা দুদিনীয়া বেহা
 দুদিনৰ পাচে যাই ক'লৈ॥
   দুৰ্গানাথ চাংকাকতি।