পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৬
সঙ্গীত-কোষ৷

(বতাহ) বতাহে বতাহে আতি আনন্দেৰে
  মিলি থাকোঁ আমি যুগ যুগান্তৰে।
(আকাশবাণী) সংসাৰত কোনো লগ নাইকীয়া
  নেথাকে, নৰব অকলশৰীয়া
  ঈশ্বৰ ইচ্ছাই সকলে মিলিব
  অন্তৰে অন্তৰে দিনে আকৰ্ষিব।
(সকলোৱে) চোৱা চোৱা হেৰা, পৰ্ব্বত সকলে,
  শুৱনী আকাশ চুমিছে নিৰলে;
   সূৰ্য্যৰ ৰশ্মিয়ে পৃথিবী চুমিলে
   চন্দ্ৰৰ কিৰণে সাগৰ মুহিলে
   ঢৌৱে ঢৌৱে কৰে সাবটা সাবটি
   ফুলে ফুলে হালি চুমে ইটি সিটি
(শূন্য)   মিচা চুমা সিটি যেয়ে যাকে খক
   প্ৰমীলাই যদি নুচুমে চন্দ্ৰক।
    ৰামেশ্বৰ বৰুৱা, বি, এ।