পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৬
সঙ্গীত-কোষ।

১০২
তাল-যৎ।

হৈছে আসাম বাসীৰ
 সুখৰ আশা সংসাৰত
এনে নাই মনত
এই জীৱনত
হব এক্‌জিবিস্‌ন্‌ – প্ৰদৰ্শনী–
 নতুন জিলা যোৰহাটত।
দেখা হীন-বীৰ্য্য আসামবাসী
নকৰি কাম শিল্প কৃষি,
নগৰবাসী, গ্ৰামবাসী
 নাই কাৰো এই কথা মনত।
দিছে ইংৰাজ ৰজাই যতন কৰি
 সুখৰ উপায় আসামত॥
হৈছে নানা বস্তুৰ আয়োজন—
আসামত হয় যি যি উৎপন,
সকলোৰে হ’ব দৰ্শন,
 যোৰহাট এক্‌জিবিসনত।