পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬২
সঙ্গীত-কোষ।

৯৮
যোগিয়া—একতালা।

মাতিলা যেতিয়া  নৰ’ম কিয়নো
 নেচাম কিয়নো তোমালৈ।
এতিয়াও মোৰ   কথা-ভৰা হিয়া,
 ভাবি চালে দেখো পায় গৈ॥
পদুলি মূৰতে  এতিয়াও আনি,
 সাদৰি সোণায়ে দিব তামোল খনি,
কত কথা ক'ব  হাঁহি উলাহেৰে,
 নেপাই অমনি কৈ কৈ॥
গুটিমালী জুপি  নাই জঁয় পৰা
 পদুলিৰ সেৱাঁলী নাই দেখো মৰা,
এতিয়াও পিন্ধাবা   ফুলৰ চাকিটি,
 যাচিছিলা যিটি লৈ লৈ॥
    লক্ষেশ্বৰ শৰ্ম্মা, বি, এ।


* ক’বনে কথাটি গানৰ উত্তৰ৷