পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
সঙ্গীত-কোষ।

উঠাহে আসামবাসী হিংসা দ্বেষ সৱ নাশি
মাতিছে আনন্দে আজি নাই আৰু একো ভয়।
অমূল্য আনন্দমণি দিছে চোৱাঁ জিলিকনি,
লক্ষ্য কৰোঁ আহাঁ সৱে ঘনে বুলি জয় জয়।
কতনো সাধনা বলে শুভ পথ দেখুৱালে,
আহাঁ যাওঁ খোজে খোজে বুলি “আনন্দৰ জয়”।
    ইন্দ্ৰেশ্বৰ বৰঠাকুৰ।


৯৫

বেহাগ-আড়া।


 আজি সবে গোৱাঁ বিভু-গান।
ই মহান বিশ্ব-ৰাজ্য যাৰ নিৰমাণ।
লভি যাৰ দয়া-তৰী,  মাতৃগৰ্ভ পৰিহৰি,
 দেখিছা সুখৰ ধৰা, অতি বিতোপন।
যি বিধিৰ বিধানেৰে,  জোন, বেলি, তৰা, ঘূৰে,
 সি বিধিৰো এক মাথোঁ বিহোঁতা যি জন।