পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৩
বিবিধ সঙ্গীত।

হােঁৱা তুষ্ট জ্ঞানাধাৰ ক্ষমা দোষ আমাসাৰ
নেজানো পূজাৰ বিধি, অজ্ঞান অভঁজা বুলি ।
অনভিজ্ঞ আমি যত, তুমি জ্ঞানে পূর্ণ তত,
পূজা অর্থে দিছাে কিন্তু, আগ্ৰহেৰে হিয়া খুলি।
    ৰামেশ্বৰ বৰুৱা, বি, এ।

৪০

হাম্বিৰ--কাওৱালী ।

  স্মৰা আৰু এটিবাৰ,
  সংসাৰ যুজত জয় অবশ্যে আমাৰ ।
“আনন্দ” আদর্শ ধৰা, ক্ষুদ্র স্বার্থ পৰিহৰা,
 বিশ্বজ্ঞান তুলনাত সকলাে অসাৰ।
জ্ঞানেৰে শােভিত হই, জ্ঞান নদী মথি লই,
 জগত উন্নতি সাধা সেয়ে সাৰাৎসাৰ।
পাশ্চাত্য জ্ঞানক লভি, পূৰা জ্ঞানে হিয়া শােভি
 মিলালে দুয়ােকো তেওঁ জ্ঞানৰ আধাৰ।
সেয়ে পূজ্য দেব আজি, হৃদি ভক্তি ভাবে সাজি,
 দিয়া পূর্ণাহুতি ভক্তি যি সাধ্য আমাৰ ।
    ৰামেশ্বৰ বৰুৱা, বি, এ।