পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
বিবিধ সঙ্গীত।

নিজ গুণে তুষ্ট হৈ, যত দোষ ক্ষমি লই। আশীর্ব্বাদ কৰা দেব ত্রিজগত পতি। সময়ে সময়ে যেন, মিলো এই মন প্রাণে, গুণী গুণ পূজা সেৱা আশকতি ॥     ৰামেশ্বৰ বৰুৱা, বি, এ।

৩৮

বেহাগ খাম্বাজ-একতালা।

ভাব গতি বুজা গুণী গুণ পূজা
 কৰে অভিলাষ অন্তৰে ।
সকলােৱে আজি উলাহেৰে সাজি,
 পূজো আহাঁ অতি সাদৰে ।
গুণীৰ লগত পৰি একালত
 বিজুলীৰ দৰে জ্বলিছে যি জন,
ধৰ্ম্মৰ মাৰলি ঘােষা ৰত্নাৱলী
 আছে যাৰ তেঁও জগত ৰতন ॥