পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
সঙ্গীত-কোষ।

শুনা কান পাতি,  আজি সুৰ লােকে
 কৰুণ সুৰত বাজে প্রেম বীণা।
প্রেম অনুৰাগী  বিহগ বিহগী
 ল লত পঞ্চমে গাইছে বন্দনা॥
নীল সিন্ধু গিৰি  বন উপবন
 নিখিল ভুবন যাৰ ৰচনা,
ৰেখটিৰ দৰে  প্রতি পাতে পাতে
 আছে নামাঙ্কিত স্নেহ কৰুণা।
এনে শুভক্ষণে  স্বদেশী বিদেশী
 আহাঁ মিলি গাওঁ সৰল বন্দনা,
গাওঁ ঐক্য তানে  হৃদয় তন্ত্রীত
 কৰো জগতত বিজয় ঘােষনা॥
 ৰঘুনাথ চৌধাৰি।