পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
সঙ্গীত-কোষ।

সাত পৰ্‌গনা ফুল্যো ঘূৰি,
আপীত লাগেই আড়েই কুৰি,
নেদে ধল্লি কাবৌ কল্লি,
 কেন্‌কে মৰাহ মৰ।
নম্ৰে কিযা বাপাক গিলা,
বাৰেই থৈচি আপী গিলা,
ৰাহাক্‌কেই টাকা নাপ্লি,
 কৰ্ব্বা নেদে ঘৰ॥
 সত্যনাথ বৰা বি, এল্‌।

পিলু—খেম্‌টা

খােপাত মালতী চাকি
 কিযনাে পিন্ধিছা।
তামোল খাই বদন খনি
 ৰাঙ্গলী কৰিছা॥