পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
প্রণয়-সঙ্গীত।

৭০

সিন্ধু খাম্বাজ—দাদৰা।

 হেৰা, এবাৰ চাঁওহে ৰােৱাঁ।
 (কিয়) নাম গাই গাই, প্রাণ হাৰ লই,
 মিচিকীয়া হাঁহি যােৱাঁ।
অজলা অবলা দেখি  কন্দুৱাই যােৱা নেকি
 এৰি গলা যাক, কিনাে হল তাৰ
 এবাৰ উলটি চোৱাঁ।
 কিয়নাে জ্বালিলা জুই—
 (চোৱাঁ) ভােমােৰা কলীয়া লাহৰি খােপাটি
 পৰে আলজাল হই—
মােহিনী বাণেৰে  মােহি কিয় এৰি
 অমৃতত বিহ দিয়া॥
 লক্ষেশ্বৰ শৰ্ম্মা বি, এ।