গ্ৰন্থকাৰৰ নিবেদন।
শ্ৰীযুক্ত অমিয়কুমাৰ দাসে ”বাহী”-সম্পাদনৰ ভাৰ লৈ তাত প্ৰকাশ কৰিবৰ নিমিত্তে সংস্কৃত নাটকৰ সাধু লিখি দিবলৈ এই লেখকক ভাৰ দিয়ে। তেওঁৰ অনুৰোধ মতেই এই সাধুবিলাক লিখা হয়। বাঁহীত ইয়াৰ কেইটামান ছপা হৈ ওলাইছিল আৰু সেইকেইটাই সকলোৰে সমাদৰ লাভ কৰিছিল। কিন্তু বাহী হঠাৎ বন্ধ হৈ যোৱাত সকলোখিনিয়ে ৰাইজৰ ওচৰ চাপিবলৈ সুযোগ নাপালে। তেতিয়া গোটেইখিনি লগ লগাই কিতাপৰ আকাৰত ছপাই উলিয়াবলৈ স্থিৰ কৰা হ'ল, কিন্তু মহাযুদ্ধৰ কাৰণে কাগজ দুষ্প্ৰাপ্য হৈ পৰাত সাময়িক ভাবে সেই সঙ্কল্পও এৰি দিব লগাত পৰিল। এতিয়া ইমান দিনৰ মূৰত আংশিকৰূপে হ'লেও সঙ্কল্প সিদ্ধি হোৱাত লেখকৰ মনত পৰম আনন্দ মিলিছে।
নাটক আৰু গল্প বা উপন্যাস সুকীয়া বস্তু। দুয়োৰে প্ৰকাশৰ ৰীতিও সুকীয়া। নাটকৰ অঙ্কবোৰ চমুকৈ লিখি গ'লেই গল্প নহয়। গল্পৰ সৌন্দৰ্য ৰক্ষা কৰিবলৈ হ'লে নাটকীয় ঘটনাবিলাক নতুন গঢেৰে সজোৱাৰে সময়ত প্ৰয়োজন হয় আৰু বহুত সুন্দৰ কবিতাময় উক্তিও এৰিব লগাত পৰে। এই গল্পবিলকিতে।