পৃষ্ঠা:সংস্কৃত নাটকৰ সাধু.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিচয়।

মৃচ্ছকটিকা(মৃৎ=মাটি, শকটিকা=সৰু গাড়ী) ৰা শূদ্ৰকে লিখা এখন একৰণ,-সংস্কৃত সাহিত্যত এখনি উৎকৃষ্ট দৃশ্যকাব্য।

বসন্তসেনা নামৰ এজনী বেশ্যা হৈছে ইয়াৰ নায়িকা। এওঁক কেন্দ্ৰ কৰিয়েই নাটকৰ ঘটনাই গঢ় লৈছে। ঘটনাৱলী জটিল আৰু চিত্তাকৰ্ষক। ইয়াত পুথিখনৰ নাটকীয় ৰীতি সই গল্পৰ গঢ় দিয়া হৈছে। তেনে কৰোতে কোনো ঠাইত দুই এটা কথা জোৰ দিব লগা হৈছে আৰু কোনো ঠাইত একো অংশ না দিয়া হৈছে। এইখিনি লৰচৰ কৰিলেও মূল ঘটনাটো যাতে অবিকৃত থাকে তালৈ লক্ষ্য ৰখা হৈছে।