তেখেত আজীৱন শিক্ষাবিভাগত থাকিলেও তেখেতৰ
পাণ্ডিত্য, নানা বিষয়ত জ্ঞান আৰু সৌজন্যতাৰ ফলত
আন আন বিভাগৰ উপৰিস্থ কৰ্মচাৰী আৰু মাননীয়
মন্ত্ৰী মহোদয়সকলৰ লগত তেখেতৰ সৎভাব আছিল।
সেই কাৰণে দেশৰ বহুতো শিক্ষিত ডেকাক তেখেতে
নিজ প্ৰভাবেৰে নানা বিভাগৰ চাকৰিত নিযুক্ত কৰোৱাই
নিবনুৱাৰ সমস্যা আংশিক পৰিমাণে সমাধান কৰি দিছিল।
এচেম্ব্লিৰ সভ্যসকলৰ লগত তেখেতৰ বিশেষ সদ্ভাৱ
আছিল। তেখেতসকলৰ যাকে য’তে গোস্বামীদেৱে
লগ পাইছিল তাকেই অভাৱ অভিযোগবোৰৰ কথা ফঁহিয়াই
কৈছিল; আনকি কোনো কোনো সভ্যক এচেম্ব্লিত
প্ৰশ্ন কৰিবলৈ মাজে সময়ে প্ৰশ্নও লিখি দিছিল।
গোস্বামীদেৱৰ চাৰিওফালে দৃষ্টি, গভীৰ জ্ঞান আৰু ব্যক্তিত্ব
দেখি এইদৰে নানা বিষয়ে প্ৰায় সকলো সময়তে তেখতক
বহুতে ব্যতিব্যস্ত কৰি ৰাখিছিল। গোস্বামীদেৱে
এইদৰে সদায় কামত আৱদ্ধ হৈ থাকিলেও তাৰে ভিতৰতেই
দেশৰ শিক্ষাৰ উন্নতিৰ অৰ্থে নানা জনৰপৰা পৰামৰ্শ
লাভ কৰিবলৈও মাজে সময়ে লিখা–লিখি কৰি অভিমত
গ্ৰহণ কৰিছিল।