পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্র
 


সেই সময়ৰ “জোনাকী”, “উষা”, “আলোচনী”, “চেতনা”, “আসাম বান্ধৱ” আদিত তেখেতে বিবিধ প্ৰৱন্ধ লিখিছিল। বি-এ পঢ়োঁতে তেখেতে “পানীপথ” নামৰ এখনি উপন্যাস, “পৰীক্ষা” নামৰ অমিতাক্ষৰ ছন্দৰ এখনি নাটক ৰচনা কৰিছিল। চাকৰি জীৱনত তেখেতে বহুতো চুটিগল্প, বৈষ্ণৱ ধৰ্ম্ম সম্বন্ধীয় প্ৰৱন্ধ লিখিছিল। ইয়াৰ উপৰি ভাৰতৰ বিখ্যাত ইংৰাজী পত্ৰিকাবোৰতো মাজে সময়ে সুচিন্তিত প্ৰৱন্ধ দান কৰিছিল। শেষ জীৱনত তেখেত কামৰূপ অনুসন্ধান সমিতিৰ জৰ্ণেলৰ সম্পাদকৰ গুৰুভাৰো গ্ৰহণ কৰিব লগাত পৰিছিল। ইয়াৰ উপৰি তেখেতে প্ৰাচীন অসমীয়া কবিসকলৰ ভাল ভাল লিখা কথাও সংগ্ৰহ কৰিছিল। নৰ্মাল স্কুলত থাকোঁতে মনোবিজ্ঞানৰ ভাল পুথিৰ অভাৱ দেখি “শিক্ষা বিচাৰ” নামে আৰু প্ৰ্যাক্‌টিচিং স্কুলত চলোৱা পদ্ধতিৰ “বহুশ্ৰেণীৰ শিক্ষা- প্ৰণালী" নামে শিক্ষাদান বিষয়ক পুথি লিখি প্ৰকাশ কৰিছিল। অসমীয়া ভাষাৰ পাঠ্যপুথিৰ অভাৱ দেখি তেখেতে কেইবাখনিও পাঠ্যপুথি ৰচনা কৰিছিল। গোস্বামীদেৱৰ “গল্পাঞ্জলি”, “ময়না” আৰু “বাজিকৰ”

আমাৰ ভাষাৰ আদৰ্শস্বৰূপ চুটি গল্পৰ পুথি তিনিখনো

২৪