দৃষ্টি ৰাখিছিল। “নিৰ্মলতাই পৱিত্ৰতা আৰু পবিত্ৰতাই
ৰৰ ওচৰ চপায়” এই বাক্য ছাত্ৰবিলাকক কামে-
কাজে শিক্ষা দিবলৈ যত্ন কৰিছিল।
নৰ্মাল স্কুলৰ ছাত্ৰ-শিক্ষকসকলৰ ভিতৰত এটা কো-অপাৰেটিভ ষ্টোৰ স্থাপন কৰিছিল। এই ষ্টোৰে তেওঁলোকৰ খোৱা-লোৱা বস্তু আৰু কিতাপ-কাগজ আদি বজাৰ দৰতকৈ কমত পোৱাৰ ব্যৱস্থা কৰোৱাইছিল। এই ষ্টোৰ আজিলৈকে সুকলমে চলি আছে।
গোস্বামীদেৱে নৰ্মাল স্কুলৰ অঙ্গীভূত প্ৰ্যাক্টিচিং স্কুল কেইখনিও আদৰ্শ পঢ়াশালি কৰি ১৩ প্ৰ্যাক্টিচিং স্কুল গঢ়ি তুলিছিল। এই স্কুলৰ ছাত্ৰবিলাক পঢ়া, হাতৰ কাম আদিত পৈণত হোৱাৰ উপৰিও জুনজুনীয়া হাততলৈ বেহেলা, বাঁহী, হাৰমোণিয়ম আদি যন্ত্ৰত নানা সুৰৰ তালে তালে কছৰৎ কৰি নিয়মানুবৰ্ত্তিতাৰ আৰ্হি দেখুৱা, শ্ৰেণী শিক্ষক কোনো সময়ত অনুপস্থিত থাকিলে ছাত্ৰবিলাক নিজ নিজ কামত নিৰলে লাগি থাকি কৰ্ত্তব্যনিষ্ঠা দেখুৱা মনত পৰিলে আজিও
এই লিখকৰ হিয়া আনন্দত উপচি পৰে।