সমললৈ যাওক

পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মহাপ্ৰয়াণ
 


পাচত অসম উপত্যকাৰ স্কুলসমূহৰ ইন্সপেক্টৰ হৈ গোস্বামীদেৱ পুনৰ যোৰহাটলৈ আহে। তেখেত কেইবাবাৰো স্পেচিয়েল কামত ডাইৰেক্টৰ চাহাবৰ অফিচলৈ গৈছিল। এবাৰ গৈ প্ৰাইমাৰী শিক্ষা বিস্তাৰৰ অৰ্থে এখন ৰিপোৰ্টো লিখি দিছিল। এই সময়তেই তেখেতে চিলঙত এটি অতি ধুনীয়া ঘৰ সাজে। শেষত তেখেত জনশিক্ষাৰ স্পেচিয়েল অফিচাৰ হয়। এইবাৰ তেখেতে গোটেই প্ৰদেশখন ঘূৰি ফুৰিব লগাত পৰিছিল। তাৰ পাচতেই তেখেতে ১৯৪৩ চনত চাকৰীৰপৰা অৱসৰ গ্ৰহণ কৰে।

 চাকৰিৰপৰা অৱসৰ লৈ গোস্বামীদেৱে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৰ্কে এখন আঁচনি তৈয়াৰ কৰে। নলবাৰীত কলেজ ৮ মহাপ্ৰয়াণ পতা সম্পৰ্কেও তেখেতে ভালেমান বছৰৰপৰা চিন্তা আৰু আলোচনা কৰিছিল; আৰু কলিকতা বিশ্ববিদ্যালয়ৰ লগত এই বিষয়ে লিখালিখি কৰি আছিল। চাকৰিৰপৰা ওলায়েই তেখেতে মাজে সময়ে নলবাৰীলৈ আহি কলেজ ধন-সংগ্ৰহ কৰা কামো কৰিছিল। এনে সময়তে উদয়পুৰৰ ভাৰতীয় ঐতিহাসিক সভালৈ অসমৰ পুৰাতত্ত্ববিদ্‌ এজনক পঠাব লগা হোৱাত গৱৰ্ণমেণ্টৰ মনোনয়ন মতে তেখেত