পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৯ )


পদ্মনেত্ৰ দুৰ্ব্বাদল শ্যাম।
আঙ্কে জানা বোলয় শ্ৰীৰাম॥
কন্দৰ্প সদৃশ সুশোভন।
আন নাম জানিকা লক্ষ্মণ॥১৭১
আসিছন্ত দুয়ো মহেশ্বৰে।
লক্ষ্মী জন্মি আছে তযু ঘৰে॥
সিকাৰণে দিয়োক বিবাহ।
জগতৰ মিলোক উৎসাহ॥
এহি বুলি মৌন ভৈলা ঋষি।
ৰাম ৰাম ঘুষিয়ো হৰিষি॥১৭২

ঘোষা॥ হবি ৰাম ৰাম গোবিন্দ ৰাম ৰাম।
ভকতবৎসল প্ৰভু গুণে অনুপম॥

পদ

ঋষিৰ বচন শুনি জনক নৃপতি।
বেলিন্ত মিলিল মোৰ কিনো ভাগ্য আতি॥
যাহাৰ চৰণ চিন্তে মহা যোগেশ্বৰ।
হেন প্ৰভু সাক্ষাতে আসিলা মোৰ ঘৰ॥১৭৩
কিনো ভাগ্য কিনো ভাগ্য কিনো ভাগ্য মোৰ।
জানিলোহোঁ নিস্তাৰিলোঁ সংসাৰ দুৰ্ঘোৰ॥