পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৫)

দেখি ক্ৰোধ কৰি  লক্ষ্মী মহেশ্বৰী
 তাহাক বুলিলা বাণী।
তোৰ বধ হেতু  জন্মিবাক যাওঁ
 শুনৰে পাপী অজ্ঞানী॥
এহিবুলি দেৱী  অন্তৰ্ধ্যান হুয়া
 পৰিলা সাগৰ জলে।
শতেক যোজন  দ্বীপখণ্ড হুয়া
 ৰহিলন্ত সেহি স্থলে॥১১৫
জনক নৃপতি  যজ্ঞৰ নিমিত্তে
 চহাইলা সি ভূমিখণ্ড।
সুবৰ্ণ লাঙ্গল  বান্তে বিপ্ৰগণে
 লভিলন্ত দিব্য অণ্ড॥
অণ্ডৰ মধ্যত  ৰাজা দেখিলন্ত
 দিব্য এক কন্যাখান।
ভুৱন মোহিনী  সৰ্ব্ব সুলক্ষণী
 সুবৰ্ণ প্ৰতিমা যেন॥১১৬
আনন্দতে লৈয়া  অন্তঃপুৰে গৈয়া
 মহাদৈৰ হাতে দিলা৷।
দেখি মহাদই  কোলে ভুলি লই
 আনন্দে তাঙ্ক তুলিলা॥