পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৬ )


এতেকে পিতৃদেৱ ঋণ যত।
সুজন নগৈল মোৰ মনত॥
ইটো ৰাজ্য ভাৰ ঐশ্বৰ্য্য যত।
জানিবাহা সুখ নেদে মনত॥৭৪
এবে শুনিয়োক পাত্ৰ সমাজ।
যিমতে পুত্ৰ পাওঁ কৰোঁ কাজ॥
অন্ধক মুনি দিলে শাপ ঘোৰ।
পুত্ৰ-শোকে মৃত্যু মিলোক তোৰ॥৭৫
বুলিলোঁ মই শুনা মুনিৰাজ।
কিমতে পুত্ৰ হৈবে কহা কাজ॥
বুলিলা বিভাণ্ডকা-পুত্ৰ আনি।
কৰিবা যজ্ঞ তুমি মহামানী॥৭৬
তেবে চাৰি ৰূপে বিষ্ণু সাক্ষাত।
তোমাৰ গৃহে আসি হৈব জাত॥
সিহেতু ঋষ্যশৃঙ্গ কৈত আছে॥
শুনিয়া সুমন্ত্ৰ বুলিলা পাছে॥৭৭
শুনিয়ো সমস্ত পৃথিবী স্বামী।
তাহান কথা সবে জানো আমি॥
বঙ্গ দেশে ৰোম পাদ নৃপতি।
আপুনি কৰিছা সখি সম্প্ৰতি॥৭৮
পূৰ্ব্বত শান্তা নামে কন্যা খানি।
দিয়াছা যাক তুমি মহা মানী॥